Dhirubhai Ambani Biography in Assamese - ধীৰুভাই আম্বানিৰ জীৱনী


Dhirubhai Ambani Biography in Assamese 

      বন্ধু-বান্ধৱীসকল, যেতিয়াই ভাৰতৰ সকলোতকৈ সফল আৰু ধনৱান উদ্যোগ পতিৰ নাম লোৱা হয় তেতিয়াই সকলোতকৈ প্ৰথমে নাম আহে ধীৰুভাই আম্বানিৰ। তেওঁ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে তেওঁৰ ব্যৱসায়িক গুণেৰে ক্ৰান্তী আনিবলৈ সক্ষম হয়। আজি আমি এই লেখাটিত ধীৰুভাই আম্বানিৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰিম।

         এই লেখাটোত তেওঁৰ বিষয়ে বিভিন্ন কথা যেনে- পৰিয়াল, সৰুকালৰ জীৱন ,সঙঘষ, পুৰস্কাৰ আৰু সন্মান, মৰণকাল, সফলতাৰ কাহিনী আদি বিস্তাৰিত ভাৱে দিয়া হৈছে।



Businessman Biography in Assamese


Quick Biography of Dhirubhai Ambani

>নাম: ধীৰজলাল হিৰাচন্দ আম্বানি

>জন্মস্থান: গুজৰাট

>জন্ম তাৰিখ: ২৮ডিচেম্বৰ ১৯৩২

>পিতা: হিৰাচন্দ গৌৰধনভাই আম্বানি

>মাতৃ: জমনাবেন আম্বানি

>পত্নী: কোকিলাবেন

>পুত্ৰ: মুকেশ আম্বানি, অনিল আম্বানি

>পুত্ৰী: নিনা ভদ্ৰশৱাম কৌটাৰি আৰু দিপতি দত্ত ৰাজ সলগাওকৰ

>প্ৰতিস্থাপক: ৰিলায়েন্স উদ্যোগ

>মুঠ ধন: ২.৯ আৰ‍ৱ ডলাৰ (২০০০ চনত)

>পৰলোকপ্ৰাপ্তি: ৬ জুলাই ২০০২

>আয়ূষ: ৭০ বছৰ


Dhirubhai Ambani biography in Assamese (জীৱন পৰিচয়) 

        ভাৰতৰ সকলোতকৈ ধনী উদ্যোগ পতি ধীৰুভাই আম্বানিৰ জন্ম ২৮ ডিচেম্বৰৰ ১৯৩২ চনত গুজৰাটৰ যোনাগৰ জিলাৰ চুৰাটত হৈছিল। তেওঁ মাক দেউতাকৰ তৃতীয় সন্তান আছিল। মাক এগৰাকী গৃহিণী আৰু দেউতাক আছিল স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল।শিক্ষক হোৱা বাবে তেওঁৰ দেউতাক এগৰাকী কঠোৰ অনুশাসন প্ৰিয় ব্যক্তি আছিল আৰু তেওঁ ধীৰুভাই আম্বানিক পঢ়াই শুনাই শিক্ষিত কৰিব বিচাৰিছিল। কিন্তু তেওঁ দেউতাকৰ কথা নামানি পঢ়া শুনা এৰি টকা ঘটোৱা বেলেগ বেলেগ উপায় সন্ধান কৰিছিল।

        তেওঁ জীৱনত এনেবোৰ কাম কৰি ভাল পাইছিল যিবোৰে তেওঁক আগুৱাই যোৱাত সদায়েই সহায় কৰিছিল। ইয়াৰ পৰিণাম স্বৰূপে তেওঁ ভাৰতৰ সকলোতকৈ ডাঙৰ উদ্যোগ ৰিলায়েন্স স্থাপন কৰিছিল। তেওঁৰ ব্যবহাৰিক গুণ আৰু দুৰদশিতাৰ বাবে ৰিলায়েন্স উদ্যোগে বিভিন্ন ক্ষেত্ৰত অতি সোনকালেই সফলতাৰ মুখ দেখা পায়।

        গোটেই পৃথিৱীতে ব্যবসায় কৰাৰ ন ন পদ্ধতি আৱিষ্কাৰ কৰা লগতে নিজৰ জীৱনত ইমান সফলতা লাভ কৰা ধীৰুভাই আম্বানিৰ ৬ জুলাই ২০০২ চনত পৰলোকপ্ৰাপ্তি ঘটে।

তেওঁৰ জীৱনৰ বিষয়ে তলত আলোচনা কৰা হৈছে।


Dhirubhai Ambani family tree: wife, son, daughters(পৰিয়াল)

          আমি আগতেই পাই আহিছোঁ যে তেওঁৰ দেউতাকৰ নাম ধীৰজলাল আম্বানি, মাকৰ নাম জমনাবেন আম্বানি আছিল। তেওঁৰ বিবাহ ককিলাবেন লগত সম্পন্ন হয় আৰু তেওঁ লোকৰ দুই পুত্ৰ মুকেশ আম্বানি আৰু অনিল আম্বানি। তেওঁ লোকৰ দুগৰাকী কন্যা নিনা ভদ্ৰশৱাম কৌটাৰি আৰু দিপতি দত্ত ৰাজ সলগাওকৰ

         বৰ্তমান মুকেশ আম্বানি ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি আৰু পৃথিৱীৰ ১০ জন ধনী ব্যক্তিৰ এজন।


লগতে পঢ়ক:- এজন প্ৰতিভাশালী এথলেটৰ খাদ্য


Dhirubhai Ambani life story

      এটা অতি দুখীয়া পৰিয়ালত জন্ম হোৱা বাবে তেওঁৰ দেউতাকে তেওঁক পঢ়া শুনা কৰি নিজৰ জীৱন সহজে চলিব পৰাটো বিছাৰিছিল। কিন্তু তেওঁ দশম মানতে পঢ়া এৰি উদ্যোগ স্থাপনত মন মেলিলে। কিন্তু তেওঁৰ টকাৰ অসুবিধাৰ বাবে ভায়েক ৰমনিলালৰ সৈতে য়মনলৈ গৈ কেৰাণীৰ চাকৰি কৰিবলৈ আৰম্ভ কৰে।

         য়মনত তেতিয়া সকলোৱে ইংৰাজী ভাষা কয় বাবে তেওঁ নিজেই ইংৰাজী শিকিবলৈ আৰম্ভ কৰে।


Dhirubhai Ambani success story (সফলতাৰ কাহিনী)

         ১৯৫৭ চনত য়মন স্বাধীন হয় কিন্তু য়মনত থকা বহিৰাগত ৰ বাবে ঠাইখন সুৰক্ষিত হৈ নাছিল সেইবাবে তেওঁলোকে য়মনৰ পৰা ভাৰত আহে।তাৰপিছত তেওঁ হাতত থকা ৫০০ টকা লৈ ভোলেশ্বৰ এটা সৰু কোঠাত আশ্ৰয় লয়। ১৯৫৮ চনত তেওঁ ৰিলায়েন্স উদ্যোগ স্থাপন কৰে আৰু তাত প্ৰথমে মছলাৰ বেপাৰ কৰে আৰু পাছত কাপোৰৰ ব্যবসায় আৰম্ভ কৰে। প্ৰথমে তেওঁৰ ব্যবসায়িক সহকৰ্মী আছিল চম্পকলাল দমানী আৰু তেওঁ ব্যবসায়ত ১.৫ লাখ টকাৰ নিৱেশ কৰে। প্ৰথমতে তেওঁলোক দুয়োৰে লাভ হয়। কিন্তু ধীৰু জীয়ে বেছি লাভৰ বাবে অধিক ৰিস্ক ল'বলৈ বিচাৰে যদিও দমানী জী অমান্তি হয় আৰু তেওঁলোকৰ সমন্ধ ভঙ্গ হয়।


How Ambani Expended reliance industry

         ইয়াৰ পাছত মুম্বাইৰ মজিদ বুনদেৰৰ ৰে'ল আলিৰ কাষত ৩৫০ বৰ্গ ফুটৰ প্ৰথমটো অফিচ আৰম্ভ কৰে ২০ জন কৰ্মচাৰীৰ সৈতে। ১৯৬৬ চনত তেওঁ গুজৰাটত নৰোডা মিল স্থাপন কৰে। কিন্তু প্ৰথম বছৰ কোনো লাভা লাভৰ মুখ নেদেখে। কিন্তু হাৰ নামানি তেখেতে বিক্ৰী বহোৱাৰ নানা উপায় চিন্তা কৰে। ইয়াৰ পাছত তেখেতে এটা কৌশল অৱলম্বন কৰে। ৰাতিপুৱা ৭-৩ বজাৰ ভিতৰত বস্তু বোৰ উৎপাদন কৰি কৰ্মচাৰী সকলে বেলেগ বেলেগ বেপাৰিৰ ওচৰত বিক্ৰী কৰিবলগীয়া হৈছিল। ইয়াৰ ফলত ১৯৭৬ চনত কোম্পানীয়ে ৯০ লাখ বস্তু বেছে আৰু ১৩ লাখ টকা উপাৰ্জন কৰে। ১৯৭৬-১৯৭৭ ৰ ভিতৰত কোম্পানীৰ বাৰ্ষিক উপাৰ্জন ৭০ কোটিৰ পাৰ হ'ব ধৰে। ১৯৭৭ চনত নিজৰ (IPO) উলিয়ায় আৰু ইয়াৰ ফলত ৫৮০০০ নিৱেসকে ইয়াত নিৱেশ কৰে। লগতে তেখেতে পেট্ৰকেমীকে'ল, দুৰদৰ্শন, পৰিৱহণ আদিটো মনোনিৱেশ কৰে।


Personal characteristics of Dhirubhai Ambani

          ধীৰুভাই আম্বানিয়ে সদায় সমস্যা সমাধানৰ বাবে কাম কৰিছিল আৰু পাছত সেই ঠাইতে ব্যবসায়িক লাভা লাভৰ কথা চিন্তা কৰিছিল। এবাৰ তেওঁ এখন সৰু গাঁৱত গৈছিল আৰু দেখিছিল যে তাত কোনো ম'বাইল ফোনৰ নাই। গতিকে তেওঁ সেই অঞ্চলত টেলি'কমিউনিকেছন ব্যবস্থা আৰম্ভ কৰে। তেওঁ এগৰাকী দয়ালু আৰু তেওঁৰ তাত কাম কৰা লোকসকলক সকলো প্ৰয়োজনীয় বস্তু দিয়াৰ লগতে প্ৰয়োজনত তেওঁক লগ কৰাৰ সুবিধাও দিয়া হৈছিল।


Dhirubhai Ambani net worth( মুঠ ধন)

           সমগ্ৰ বিশ্বতেই ব্য‍ৱসায়ৰ ন ন পদ্ধতি আৱিষ্কাৰ কৰা ধীৰুভাই আম্বানিয়ে জীৱনকালত বহু পৰিমাণে সম্পত্তি আৰ্জন কৰে। পৰলোকপ্ৰাপ্তিৰ সময়ত তেওঁৰ মুঠ সম্পত্তি ২.৯ আৰৱ ডলাৰ আছিল।


Dhirubhai Ambani death

           বহু বছৰ অসুস্থ হৈ থকাৰ ফলত তেওঁ দুই পুত্ৰ ক নিজৰ ব্যবসায় গতাই দিয়ে। ইয়াৰ পাছত ২০০২ চনৰ ২ জুলাই তাৰিখে তেওঁ মুম্বাইৰ এক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।


লগতে পঢ়ক:- Dutee Chand Biography in Assamese 

Post a Comment

Previous Post Next Post